মন যায়,
মন যায় আকৌ এবাৰ তোমাক শুনিব!
আজি শব্দবোৰৰ কান্দোনৰ ৰোল,
সুন্দৰতা হেৰুৱা শব্দবোৰ।
মায়াবিনী ৰাতিৰ আন্ধাৰত সুৰৰ বিলাপ!
তুমিহীনতাৰ উকা আভাস।
লৰালিৰ এটি সুৰৰ সোঁৱৰণী!
জীৱনৰ ভগ্নাংশত সুৰৰ বৰণ,
তুমি এটা গানৰ আভৰণ।
এটা কবিৰ কাব্য তুমি!
তুমিয়েই মোৰ কবিতা।
তুমিয়েই মোৰ গীতিমালিতা!
তোমাতেই মোৰ কৈশোৰ, যৌৱন।
আকৌ জীয়াবলৈ সেই সময়।
বিলীন হবলৈ তোমাৰ শব্দৰ মাজত,
তোমাৰ সুৰৰ মাজত!
- Rupjyoti
Follow us: lnktr.ee/ImRupjyoti
English translation in the comment section