সম্পৰ্কৰ ভঙা টুকুৰাবোৰ লৈ আছো দুহাতত!
কেচা তেজৰ টোপাল বৈ যায়,
এখন শুকান সাগৰত তেজৰ ঢৌ!
লক্ষহীন পালতৰা নাৱত উন্মাদ মই,
যিফালেই চাওঁ, দেখোঁ অসীম শূন্যতা!
মোৰ ঠুনুকা মৰম, কেৰোণ লগা স্মৃতি, মাথোঁ ভগ্নাংশ!
দুখৰ বোজাবোৰ বৰ গধুৰ,
সীমাহীন সাগৰ, সংগী বিহীন মই, যাযাবৰ।
বাৰে বাৰে মোৰ হৃদয়ত আঘাত সময়ৰ!
উহহ... ইমান কঠোৰ কিয়?
তেজৰ ঢৌ, ভঙা পালতৰা মোৰ,
আৰু হাতত এটা নিঠৰ হৃৎপিণ্ড!
এক অসীম যাত্ৰাত মই,
সম্পৰ্কৰ ভঙা টুকুৰা আৰু নিৰ্জীৱ জীৱন লৈ!
- Rupjyoti
Follow us: lnktr.ee/ImRupjyoti
English translation in the comment section





