(১)
যদিও কণ্ঠৰুদ্ধ মই,
হেজাৰ শব্দৰ আৰ্তনাদ মনত।
যদিওবা শান্ত মই,
বিশাল ধুমুহাৰ গৰ্জন হৃদয়ত।
জীৱনৰ প্ৰহেলিকাত প্ৰেমৰ আৰ্তনাদ !
এক অসত্যৰ চায়া-ছবিত,
মোৰ মৃত আত্মাৰ বিলাপ।
(২)
কাচৰ ৰংঘৰ সাজি ভাগৰি পৰিছোঁ,
তোমাৰ মাজতে তোমাক বিচাৰি চলাথ কৰিছোঁ।
হেৰোৱা সপোনবোৰৰ পম খেদি দৌৰিছো,
উকা কাচৰ ৰংঘৰ সেই সপোনেৰে সজাব খুজিছোঁ।
(৩)
স্তিমিত জীৱনত সপোনৰ প্ৰত্যাশা,
প্ৰকৃতিৰ চক্ৰবেহু ভেদী দৌৰে মোৰ সপোন ঘোঁৰা।
নতুন প্ৰজন্মৰ ৰণুৱা মই,
আগত সপ্তৰথীকও হৰুৱাব জানো মই।
(৪)
সভ্যতাৰ বজাৰত জ্ঞান নিলাম হোৱাৰ দষ্টাবেজ।
জ্ঞানৰ মুখা পিন্ধি অজ্ঞানী ৰজাই সোণালী সপোন দেখাই !
অধম ৰজাৰ জ্ঞানী প্ৰজাই নিলাম কৰে মানৱতা,
ভদ্ৰতাৰ মুখাৰ আৰত নিৰ্লজ্জ্য সভ্যতা !
ණৰূপজ্যোতি
Picture courtesy: Nituparna Rajbongshi

Awsome bro🔥🔥🔥
ReplyDeleteThank you so much 🤗
DeleteNice words... beautifully interpreted...keep it up
ReplyDeleteThank you so much, means a lot 🤗
Deleteবঢ়িয়া
ReplyDeleteধন্যবাদ বন্ধু
Delete